Show/Hide Keyboard Layout

মোৰে জীৱনৰে

- জ্যোতিপ্ৰসাদ আগৰৱালা

মোৰে জীৱনৰে সখা কৃষ্ণ

বজাৱ কি সুৰে বেণু ?

কপালতে তোৰ কোনে আঁকি দিলে

ইন্দ্ৰধনু ।

 

পুঁৱতি নিয়ৰে সানে চৰণতে

শুকুলা মুকুতা ৰেণু

শ্যামল গাতে কোনে

চন্দন পিন্ধালে ?

 

অ’ তোৰ ফুল কুমলীয়া তনু

বজাৱ সোণৰে বেণু কৃষ্ণ তই

বজাৱ সোণৰে বেণু ।

 

সুৰৰে জিঞ্জিৰি পিন্ধালি মোক

সুৰৰে জিঞ্জিৰি ।।

Hits: 1106